Type Here to Get Search Results !

In Article Ads

Important General Knowledge For Assam 32,689 Posts - সাধাৰণ জ্ঞানৰ 20 টা প্ৰশ্নোত্তৰ।

 



সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || 101 Assam Gk

সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || 101 Assam Gk. Target for Assam 32,689 Vacancy


প্ৰশ্ন ১। অসমৰ প্ৰথম চাহ খেতিয়কজন কোন আছিল?
উত্তৰ:- মণিৰাম দেৱান

প্ৰশ্ন ২। স্বাধীনতা যুঁজত শ্বহীদ হোৱা প্ৰথম গৰাকী অসমীয়া কোন?

উত্তৰ:- পিয়লি ফুকন।

প্ৰশ্ন ৩। ‘কলা শিৰোমণি বঁটা’ লাভ কৰা অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ:- হিতেশ্বৰ শইকীয়া।

প্ৰশ্ন ৪। প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই কোন চনত ‘কলা শিৰোমণি বঁটা’ লাভ কৰিছিল?

উত্তৰ:- ১৯৯১ চনত।

প্ৰশ্ন ৫। ৰাজ্যপালৰ আসন অধিষ্ঠিত কৰা অসমৰ প্ৰথম ব্যক্তিজন কোন আছিল?

উত্তৰ:- বিষ্ণুৰাম মেধি।

প্ৰশ্ন ৬। বি.টি.এ.ডি. (BTAD) ৰ কাৰ্যবাহী পৰিষদ কাৰ নেতৃত্বত গঠিত হৈছিল?

উত্তৰ:- হাগ্ৰামা মহিলাৰী।

প্ৰশ্ন ৭। বি.টি.এ.ডি. (BTAD) পৰিষদ কিমান চনত গঠন হৈছিল?

উত্তৰ:- ২০০৫ চনত।

প্ৰশ্ন ৮। আলফাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ বাবে গঠন কৰি দিয়া গোটটোৰ নাম কি?

উত্তৰ:- পিপল্‌ছ কনছালটেটিভ গ্ৰুপ চমুকৈ পি.চি.জি. (PCG)।

প্ৰশ্ন ৯। “আলফা” ৰ সম্পূৰ্ণ নামটো কি?

উত্তৰ:- ইউনাইটেড লিবাৰেছন ফ্ৰণ্ট অৱ আছাম।

প্ৰশ্ন ১০। কিমান চনত অসমৰ ৰাজ্যপাল হিচাবে লে.জে. অজয় সিং এ কাৰ্যভাৰ গ্ৰহণ কৰিছিল?

উত্তৰ:- ২০০৩ চনত।

প্ৰশ্ন ১১। অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি?

উত্তৰ:- ছৈয়দা আনোৱাৰা টাইমূৰ।

প্ৰশ্ন ১২। ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰৰ তলত থকা ‘সত্যমেৱ জয়তে’ শীৰ্ষক দেৱনাগৰী বাক্যশাৰী কোন উপনিষদৰ পৰা লোৱা হৈছে?

উত্তৰ:- মুণ্ডক।

প্ৰশ্ন ১৩। অসমৰ জাতীয় চৰাই কি?

উত্তৰ:- দেওহাঁহ।

প্ৰশ্ন ১৪। অসমৰ জাতীয় জন্ত্ত কি?

উত্তৰ:- এশিঙীয়া গঁড়।

প্ৰশ্ন ১৫। ভাৰতৰ প্ৰশাসনিক ব্যৱস্থাৰ মুৰব্বী কোন?

উত্তৰ:- ৰাষ্ট্ৰপতি।

প্ৰশ্ন ১৬। ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল?

উত্তৰ:- সৰোজিনী নাইডু (উত্তৰ প্ৰদেশ, ১৯৪৭-৪৮)।

প্ৰশ্ন ১৭। প্ৰথম ভাৰতৰ আই. পি. এচ. (IPS) বিষয়া গৰাকী নাম কি?

উত্তৰ:- কিৰণ বেদী (১৯৭২)।

প্ৰশ্ন ১৮। ভাৰতৰ সংবিধানখন কোন চনৰ কোন তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল?

উত্তৰ:- ইংৰাজী ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা।

প্ৰশ্ন ১৯। ৰাষ্ট্ৰীয় সংগীত ‘জন-গন-মন’ গীতটি পোন প্ৰথমবাৰৰ বাবে ক’ত পৰিবেশন কৰা হৈছিল?

উত্তৰ:- ১৯১১ চনৰ ২৭ ডিচেম্বৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ কলিকতা অধিবেশনত।

প্ৰশ্ন ২০। ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল?

উত্তৰ:- ড° বি. আৰ. আম্বেদকাৰ।


Also Read



প্ৰশ্ন : প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
উত্তৰ : মাধৱ কন্দলি।
 প্ৰশ্ন : মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতা জনৰ নাম কি?

উত্তৰ : ৰাম সৰস্বতী।

 প্ৰশ্ন : অসমীয়া গদ্য সাহিত্যৰ জনক কোন?

উত্তৰ : ভট্টদেৱ।

প্ৰশ্ন : প্ৰথম অসমীয়া লেখিকা গৰাকীৰ নাম কি?

উত্তৰ : পদ্মাৱতী দেৱফুকননী।

প্ৰশ্ন : ইংৰাজী ভাষাৰ আটাইতকৈ বৃহৎ অভিধানখন কি?

উত্তৰ: Oxford English Dictionary.

 প্ৰশ্ন : অসমত প্ৰথম ইংৰাজী অসমীয়া (Anglo assamese) অভিধান কোনে প্ৰণয়ন কৰে?

উত্তৰ : বুদ্ধীন্দ্ৰনাথ ভট্টাচাৰ্যই (যোৰহাট)।

প্ৰশ্ন : “বন্দো কি ছন্দেৰে” নামৰ প্ৰখ্যাত গীত ৰচয়িতা কোন?

উত্তৰ : অম্বিকাগিৰি ৰায় চৌধুৰী।

প্ৰশ্ন : অলিভাৰ টি কট্টাৰ কোন?

উত্তৰ : অসমৰ প্ৰথম বাৰ্তালোচনী “অৰুণদইঅ’ৰ (১৮৪৬) প্ৰতিষ্ঠাপক মুদ্ৰক।

প্ৰশ্ন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?

উত্তৰ : কৃষ্ণকান্ত সন্দিকৈ। (১৯৪৮-১৯৫৭)

 প্ৰশ্ন : ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা অসমৰ জাতীয় সংগীত ‘অ মোৰ আপোনাৰ দেশ’……….. ৰ সুৰকাৰ কোন আছিল?

উত্তৰ : কমলা প্ৰসাদ আগৰৱালা।

প্ৰশ্ন : অসম সাহিত্য সভাৰ প্ৰথম সভাপতি জনৰ নাম, ঠাই, কিমান চনত জন্ম হৈছিল?

উত্তৰ : পদ্মনাথ গোহাঞিবৰুৱা, শিৱসাগৰ, ডিচেম্বৰ ১৯১৭ চন।

 প্ৰশ্ন : শ্ৰীকৃষ্ণৰ শিক্ষাগুৰু কোন আছিল?

উত্তৰ : সান্দিপনী।

প্ৰশ্ন : অসমৰ পৰা প্ৰকাশিত প্ৰথম ইংৰাজী দৈনিক কাকত খনৰ নাম কি?

উত্তৰ : The Assam Tribune. (১৯৪৬ চনত ৰাধাগোবিন্দ বৰুৱাৰ দ্বাৰা গুৱাহাটীৰ পৰা প্ৰকাশিত, প্ৰথম সম্পাদক – লক্ষ্মীনাথ ফুকন)।

প্ৰশ্ন : নগাঁও জিলাৰ বৰদোৱা সত্ৰত থকা কীৰ্ত্তন ঘৰৰ কাষত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভৰিৰ পতাৰ চিহ্ন থকা এচটা শিল আছে। শিলচটাক কি নামেৰে নামাকৰণ কৰা হৈছে?

উত্তৰ : “পাদশিলা”।

প্ৰশ্ন : প্ৰথম অসমীয়া ৰাজ্যপাল কোন আছিল?

উত্তৰ : বিষ্ণুৰাম মেধি (মাদ্ৰাজ ১৯৫৭)।

 প্ৰশ্ন : স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল?

উত্তৰ : ভাৰতৰত্ন গোপীনাথ বৰদলৈ।

 প্ৰশ্ন : ৰাষ্ট্ৰৰ সৰ্বোচ্চ আসনত অদিষ্ঠিত হোৱা সুযোগ্য অসম সন্তান জন কোন বাৰু?

উত্তৰ : ফকৰুদ্দিন আলি আহমেদ। (১৯৭৪-৭৭)

প্ৰশ্ন : অসমৰ প্ৰথম মহিলা চিকিৎসকৰ সন্মান লাভ কোনে কৰিছিল?

উত্তৰ : ডাঃ ৰজনীপ্ৰভা শইকীয়া।

প্ৰশ্ন : লণ্ডন বিশ্ববিদ্যালয়ৰ “ডি-লিট” সন্মান লাভ কৰা ব্যক্তিজন কোন?

উত্তৰ : সূৰ্য কুমাৰ ভূঞা।

প্ৰশ্ন : বিষ্ণু ৰাভাৰ প্ৰথমা পত্নীৰ নাম কি আছিল?

উত্তৰ : প্ৰিয়লতা দত্ত।

 প্ৰশ্ন : কোন কবিৰ কবিতা – ‘মৃত্যুওটো এটা শিল্প / জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য ………..’

উত্তৰ : হীৰেণ ভট্টাচাৰ্য।

প্ৰশ্ন : ইংৰাজৰ ৰাজত্ব কালত ১৯০১ চনতে স্থাপন হোৱা কটন কলেজৰ প্ৰথম অধ্যক্ষ গৰাকী কোন?

উত্তৰ : ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চন।

প্ৰশ্ন : কোন অসমীয়া মুক্তিযোদ্ধা নাৰীৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস “অভিযাত্ৰী”?


Also Read




Also Read



Post a Comment

0 Comments

Ads Horizantal

Article Ads