Type Here to Get Search Results !

In Article Ads

অসমৰ কেইখনমান জিলা নাম কেনেকৈ উৎপত্তি হ'ল জানো আহকচোন। Let's find out how some of the district names of Assam originated.

 



অসমৰ জিলা নাম কেনেকৈ উৎপত্তি হ'ল জানো আহকচোন।

অসমৰ কেইখনমান জিলা নাম কেনেকৈ উৎপত্তি হ'ল জানো আহকচোন। Let's find out how some of the district names of Assam originated.

মৰিগাঁও

পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল।
১৯৮৯ চনত ইয়াক এক সুকীয়া জিলাৰূপে স্বীকৃতি
দিয়া হয়।আগতে মৰিগাঁওখনক পশ্চিম নগাঁও বুলি
জনা গৈছিল কিন্তু যেতিয়া ইয়াত কলেৰা মহামাৰীৰ
প্ৰকোপ বেছি হ’ব ধৰিলে তাৰ ফলত বহুতো মানুহৰ
মৃত্যু হ’বলৈ ধৰিলে আৰু তাৰ পিছত এই গাঁওখনৰ
নাম মৰিগাঁও ৰখা হ’ল।


নগাঁও


১৬০৩ চনত প্ৰতাপ সিংহ ৰ দিনতেই ৰাজবিষয়া
মোমাই তামূলী বৰবৰুৱাই কলং আৰু কপিলী নদীৰ
পাৰত নতুনকৈ গাঁও স্থাপন কৰে আৰু মানুহ থকাৰ
উপযোগী কৰি তোলে। ইয়াত নতুনকৈ মানুহো বহুউৱা
হয়। ১৬১১ চনত নগাঁও নিৰ্মাণৰ কাম আৰম্ভ হৈছিল
আৰু ১৭২১-১৭২২ চনমানত সমাপ্ত হয়। নতুনকৈ
পতা গাঁও বাবে ঠাইখণ্ডৰ নাম হয়গৈ-নগাঁও।


তিনিচুকীয়া


ৰজা সৰ্বানন্দ সিংহই মন্ত্ৰী গোধা বৰবৰুৱাৰ সহায়ত
ইয়াত এটা তিনিকোণীয়া পুখুৰী খন্দায়।পাছত ১৮৮৪
চনত ডিব্ৰু-শদিয়া ৰে'ল লাইন সজাৰ সময়ত,
তিনিকোণীয়া পুখীৰৰ ওচৰতে এটা ৰে'ল ষ্টেচন পতা
হয় আৰু ইয়াৰ নাম ৰখা হয় তিনিচুকীয়া ৷তেতিয়াৰ
পৰা এই ঠাইখনৰ নাম তিনিচুকীয়া হয়।


যোৰহাট


"যোৰহাট" নামটোৰ অৰ্থ হৈছে দুখন হাট বা বজাৰ- ১৮শ
"চকীহাট"ৰ পৰাই এই নাম হৈছে।যোৰহাট আহোম সাম্ৰাজ্যৰ
শেষ ৰাজধানী আছিল।১৭৯৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ
গৌৰীনাথ সিংহই ৰাজধানী শিৱসাগৰ (পূৰ্বৰ ৰংপুৰ)-ৰ
পৰা যোৰহাটলৈ তুলি আনে।যোৰহাট নগৰখন উন্নত আৰু
বাণিজ্যিক ক্ষেত্ৰত আগবঢ়া আছিল ৷কিন্তু ১৮১৭ চনৰ
পিছত মানৰ অসম আক্ৰমণত ই বিধ্বস্ত হয়।১৮২৪ চনত
ব্ৰিটিছৰ আগমণৰ পিছত ডেভিদ স্কট আৰু কেপ্তেইন
ৰিচাৰ্ডে জিলাখনৰ পুনৰ্নিৰ্মাণ আৰম্ভ কৰে।

শিৱসাগৰ

শিৱসাগৰ নামটো নগৰখনত থকা শিৱসাগৰ পুখুৰী ৰ
পৰাই উৎপত্তি হৈছে।শিৱসিংহৰ পত্নী অম্বিকাই তেওঁৰ স্বামীৰ
নামত এটা পুখুৰী খন্দায় আৰু তাৰ পাৰত দৌল নিৰ্মাণ
কৰায়।এই পুখুৰীটোৱে হ'ল শিৱসাগৰ পুখুৰী ৷কাৰেংঘৰক
কেন্দ্ৰ কৰি চৌপাশৰ অঞ্চলটোৱে আছিল তাহানিৰ ৰংপুৰ ।
এই অঞ্চলৰ প্ৰশাসনীয় কেন্দ্ৰ স্থাপন কৰিছিল।তেনেকৈয়ে
কলঞ্চুপাৰ বুলি জনাজাত ঠাইখন লাহে লাহে
ৱসাগৰ নামেৰে পৰিচিত হয়।

ধেমাজি


ধেমাজি" শব্দটো প্ৰকৃততে চুতীয়া শব্দ "দেমা-জি"ৰ
পৰা সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "অত্যধিক পানী"।
প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি" নামৰ
উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই
নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা
বাবে, সেইসময়ৰ লোকসকলে ইয়াক কোনো অশুভ শক্তিৰ
দ্বাৰা প্ৰভাৱিত বুলি ভাবিছিল।এইদৰে সঘনাই বানপানী
আৰু সূঁতি সলোৱা বাবে লোকসকলে বানপানি অৰ্থাৎ
"দেমা-জি"নাম দিলে।


বৰপেটা

অবিভক্ত কামৰূপ জিলাৰ বিভাজন ঘটি ১৯৮৩ চনত
বৰপেটা জিলাখনৰৰ গঠন কৰা হৈছিল ব্ৰিটিছৰ
সময়ত ১৮৪১ চনত অসামৰিক মহকুমা সৃষ্টি হৈছিল,
জ’ন্‌ বাটলৰ প্ৰথম প্ৰশাসনিক বিষয়া আছিল পুৰ্বৰ
মহকুমাটো ৷বৰ্তমানৰ জিলাখনৰ দুখন মহকুমা হৈছে
বৰপেটা আৰু বজালী।

কামৰূপ

পুৰণি আখ্যান মতে এবাৰ কামদেৱে শিৱৰ
ৰোষত পৰি ভষ্ম হৈছিল।কামদেৱৰ পত্নী ৰতীদেৱীয়ে
পতিক জীৱন দান কৰিবলৈ প্ৰাৰ্থনা জনোৱাত
কৰে।এই ঘটনাৰ পিছৰে পৰা এই ঠাইৰ নাম
কামৰূপ হয়।


গোলাঘাট


গোলাঘাট নামৰ উৎপত্তিৰ এক মনোৰম কাহিনী আছে।
১৯ শতিকাৰ মাজভাগত মাৰোৱাৰী ব্যৱসায়ীসকলে
ধনশিৰী নৈৰ ঘাটৰ কাষতে কিছু গোলা অৰ্থাৎ
সৰু দোকান পাতিছিল।এই ঠাইতে পাছলৈ নগৰ
গঢ়লৈ উঠে গোলাঘাট নামেৰে


তেজপুৰ

লোককথামতে এই ঠাইত 'হৰি-হৰ যুদ্ধ' হৈছিল
(হৰি:কৃষ্ণ, হৰ: শিৱ) বুলি জনাজাত দুই প্ৰবল প্ৰতাপী
দেৱতা দুজনৰ মাজত হোৱা এই ৰক্তক্ষয়ী যুদ্ধত ইমানেই
মানুহৰ মৃত্যু হৈছিল যে যুদ্ধক্ষেত্ৰত হেনো তেজৰ ঢল
যেন উঠিছিল।সেয়ে কালক্ৰমত এই স্থান তেজপুৰ
বা শোণিতপুৰ বুলি (তেজৰ/শোণিতৰ নগৰ)
পৰিচিত হৈ পৰে।

হাজো

হাজো শব্দটো বড়ো শব্দ 'হাজো' (বড়ো : ন্তাজী) ৰ
পৰা আহিছে, যাৰ অৰ্থ হ’ল পাহাৰ এই ঠাইডোখৰৰ
নাম হাজো কেনেকৈ হ’ল তাক সঠিককৈ ঠাৱৰ কৰিব
পৰা হোৱা নাই যদিও এই বিষয়ে বিভিন্ন প্ৰকাৰ
কিম্বদন্তি আছে।


নলবাৰী

নলবাৰী নামটোৰ উদ্ভৱ সন্দৰ্ভত বহুতো জনশ্ৰুতি আছে-
* বিদৰ্ভ ৰাজ 'নল'ৰ বাৰী হিচাপে জিলাখনৰ
নাম নলবাৰী হোৱা বুলি কোৱা হয়।
* যথেষ্ট পৰিমাণে নল-খাগৰি থকা বাবে ইয়াৰ
নাম নলবাৰী হয়।
* ১৮৯৭ চনৰ ভূমিকম্পত লুপ্ত হোৱা ন নামৰ নদীখনৰ
পৰা নলবাৰী নামটো হোৱা বুলি কোৱা হয়।
* ন নদীৰ পাৰত বাস কৰা কৈৱৰ্ত্ত মানুহ এচামে উঠি
আহি নতুনকৈ ন নদীৰ উত্তৰে বসতি স্থাপন কৰা
কাৰণে নলবাৰী হোৱা বুলি কোৱা হয়।


কাৰ্বি আংলং


কাৰ্বি জনগোষ্ঠী জিলাখনৰ স্থানীয় অধিবাসী।
কাৰ্বি ভাষাত 'আংলং' শব্দৰ অৰ্থ হৈছে পাহাৰ, সেয়ে
'কাৰ্বি আংলং' অৰ্থাৎ 'কাৰ্বি লোকসকলৰ পাহাৰ'।


চৰাইদেউ


চৰাইদেউ নামৰ উৎপত্তি টাই আহোম ভাষাৰ শব্দ

চে-ৰাই-ডয় পৰা হৈছে। লিখিত আছে যে স্বৰ্গদেউ
চ্যাও-লুং-চ্যুকাফাই পাটকাই পাহাৰ বগাই চৰাইদেউত

বাহৰ পাতিছিল। চৰাইদেউ সৌন্দৰ্য্যত মোহগ্ৰস্থহৈ

চ্যাও-লুং-চ্যুকাফাই চে-তাম-ডয় নামকৰণ কৰি
ৰাজধানী পাতিছিল, যাৰ অৰ্থ আছিল পাহাৰৰ জিলিকা

চহৰ (চে=চহৰ, ৰাই=জিলিকা, ডয়=পাহাৰ)।

এই চে-ৰাই-ডয় পৰৱৰ্তীকালত চৰাইদেউ
নামেৰে বিখ্যাত হৈ উঠে।



Post a Comment

0 Comments

Ads Horizantal

Article Ads