![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEj5JQ-tSwDcHHJexAljR_ZoSXo-8TnA6cucvkgJ0vZgI9U0cHwzt0HfkMAczJ4VLMvIibPvOCRuBTnXPpb9EylaIwNjFJtYSOa1mW62Bm4ROU076ofJq0DIV9yRueDr7DA1WDkTuFWC3qrpQCxjnvcvWc12j3t_VueV35HtpW0MefasIELW4TjfaPi9a6oI/w597-h304/20240331_065449.webp)
Also Read![](https://dopsportsrecruitment.cept.gov.in/Images/new.gif)
Assam CRCC Recruitment 2024 - Apply Online for 1255 CRCC Vacancy under Samagra Shiksha
ডাকঘৰৰ MIS আঁচনি।
ডাকঘৰত ধন বিনিয়োগৰ বাবে বিভিন্ন আঁচনি, ইয়াৰ ভিতৰত অন্যতম জনপ্ৰিয় আঁচনি হৈছে মাহিলী আয় আঁচনি (MIS)। যদি আপুনি এই আঁচনিখনত এবাৰ বিনিয়োগ কৰে তেন্তে আগন্তুক ৫ বছৰৰ বাবে আপুনি নিশ্চিত মাহিলী আয় লাভ কৰিব। পাঁচ বছৰৰ পাছত আপুনি ইচ্ছা কৰিলে জমা ধন উলিয়াব পাৰে বা আৰু পাঁচ বছৰ ৰাখিব পাৰে। ইয়াত ৯ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব। আৰু ইয়াত যৌথ একাউণ্ট খুলিলে ১৫ লাখ টকা পৰ্যন্ত বিনিয়োগ কৰিব পাৰিব। ১ম। এই আঁচনিৰ সুতৰ হাৰ ২০২৪ চনৰ জানুৱাৰীৰ পৰা বৃদ্ধি কৰা হৈছে। বৰ্তমান আপুনি ডাকঘৰৰ মাহেকীয়া আয় আঁচনিৰ ৭.৪ শতাংশ সুত লাভ কৰিব।
Also Read![](https://dopsportsrecruitment.cept.gov.in/Images/new.gif)
PNRD Assam Recruitment 2024 - Apply Online for 25 Ombudsperson Vacancy
ঘৰত বহি ৬৬,৬০০ টকা পাব।
এই ডাকঘৰৰ আঁচনিখনত যদি আপুনি এটা একাউণ্টত সৰ্বোচ্চ ৯ লাখ টকা জমা ধন বিনিয়োগ কৰে তেন্তে ৭.৪ শতাংশ সুতৰ হাৰত প্ৰতিমাহে ৫৫৫০ টকা লাভ কৰিব। অৰ্থাৎ ১২ মাহত আপুনি মুঠ ৬৬,৬০০ টকা পাব। এইদৰে এই ডাকঘৰৰ আঁচনিখনত এবাৰ বিনিয়োগ কৰিলে ঘৰতে প্ৰতি বছৰে ৬৬,৬০০ টকা লাভ কৰিব। ৫ বছৰৰ পিছত আপোনাৰ মুঠ আয় হ’ব ৩.৩৩ লাখ টকা। ৫ বছৰৰ পিছত হয় আপুনি জমা কৰা ৯ লাখ টকা উলিয়াব পাৰে, যদি বিচাৰে আৰু ৫ বছৰ বিনিয়োগ কৰি ৰাখিব পাৰে আৰু মাহিলী আয় লাভ কৰিব পাৰে।
Also Read![](https://dopsportsrecruitment.cept.gov.in/Images/new.gif)
১০০০ টকা থাকিলেহে বিনিয়োগ কৰিব পাৰিব।
ডাকঘৰৰ মাহেকীয়া আয় আঁচনি (MIS) অতি জনপ্ৰিয়। এই আঁচনিৰ জৰিয়তে বিনিয়োগকাৰীয়ে নূন্যতম ১০০০ টকা বিনিয়োগ কৰিব পাৰে। অৰ্থাৎ ১০০০ টকা থাকিলে ডাকঘৰৰ এই মহান আঁচনিখনত বিনিয়োগ কৰিব পাৰিব। অৱশ্যে অধিক উপাৰ্জন কৰিব বিচাৰিলে অধিক ধন বিনিয়োগ কৰিব লাগিব।
Also Read![](https://dopsportsrecruitment.cept.gov.in/Images/new.gif)
একাউণ্ট কেনেকৈ খুলিব ?
আপুনি আপোনাৰ ওচৰৰ যিকোনো ডাকঘৰলৈ গৈ একাউণ্ট খুলি বিনিয়োগ কৰিব পাৰে। কিন্তু ইয়াৰ বাবে আপুনি এজন ভাৰতীয় নাগৰিক হোৱাটো প্ৰয়োজন। বিনিয়োগ কৰাৰ আগতে আঁচনিখনৰ সবিশেষ ডাকঘৰৰ কৰ্মচাৰীৰ পৰা লওক। তাৰ পিছত আপোনাৰ পৰিচয় প্ৰমাণ হিচাপে আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড বা পাছপ’ৰ্ট বা ড্ৰাইভিং লাইচেন্সৰ প্ৰয়োজন হ’ব। লগতে ঠিকনাৰ প্ৰমাণ হিচাপে ইউটিলিটি বিলৰ লগতে এম আই এছ আবেদন পত্ৰ আৰু ২ খন ফটোকপিৰ প্ৰয়োজন হব। এই সকলোবোৰ নথি-পত্ৰৰেহে এই আঁচনিখনত বিনিয়োগ কৰিব পাৰিব।
Also Read![](https://dopsportsrecruitment.cept.gov.in/Images/new.gif)
SECR Recruitment 2024, Apply online for 733 Trade Apprentices Vacancies