Type Here to Get Search Results !

In Article Ads

Several rules have changed since March, know what rules have changed! মাৰ্চ মাহৰ পৰা কেইবাটাও নিয়ম সলনি, কি কি নিয়ম সলনি জানক !


 

আজিৰে পৰা বছৰৰ তৃতীয় মাহ আৰম্ভ হয়। দেশজুৰি প্ৰতি মাহৰ প্ৰথম দিনাই কেইবাটাও নিয়ম কাৰ্যকৰী হয়। মাৰ্চ মাহত ইয়াৰ কোনো পাৰ্থক্য নাথাকিব। বাজেটৰ সৈতে জড়িত কেইবাটাও নিয়ম এই মাৰ্চ মাহত কাৰ্যকৰী হ’বলৈ গৈ আছে। চলিত মাহৰ পৰা প্ৰৱৰ্তন কৰা কেইবাটাও নিয়মৰ প্ৰভাৱে পুনৰ মধ্যবিত্ত শ্ৰেণীৰ পকেট কটকটীয়া কৰি তুলিব পাৰে। ১ মাৰ্চৰ পৰা বলবৎ হোৱা এটা নিয়ম হৈছে FASTAG, LPG গেছ চিলিণ্ডাৰৰ মূল্য নিৰ্ধাৰণৰ সমস্যা।


ৰন্ধন গেছৰ মূল্য আপডেট

প্ৰতি মাহৰ আৰম্ভণিতে তেল কোম্পানীয়ে LPG চিলিণ্ডাৰৰ দাম আপডেট কৰে। গতিকে সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ মানুহে গেছৰ দাম বাঢ়িছে নেকি জানিবলৈ মাহৰ প্ৰথম দিনটোলৈ চাই থাকে। ফেব্ৰুৱাৰী মাহত ঘৰতে ৰন্ধা-বঢ়াৰ বাবে ব্যৱহাৰ কৰা ১৪ কেজি LPG চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাছিল। গতিকে বহুতে মাৰ্চ মাহৰ প্ৰথম দিনটোত ১৪ কেজি LPG চিলিণ্ডাৰৰ দাম হ্ৰাস পাব নে বৃদ্ধি পাব নে অপৰিৱৰ্তিত হৈ থাকিব সেয়া জানিবলৈ অপেক্ষা কৰি আছিল। বহুতে অৱশ্যে আশা কৰিছে যে তেল কোম্পানীয়ে গেছ চিলিণ্ডাৰৰ দাম অলপ হ্ৰাস কৰিব পাৰে।


কাৰণ বিশেষজ্ঞসকলে ভাবে যে লোকসভা নিৰ্বাচন আহি আছে। এই লোকসভা নির্বাচনৰ পূর্বে দেশৰ জনসাধাৰণৰ স্বার্থত প্রাক-নির্বাচনৰ সময়ছোৱাত ইয়াৰ দাম কমি আহিব পাৰে ৷ বৰ্তমান অসমত প্ৰতিটো LPG গেছৰ মূল্য ৯৫২ টকা। স্বাভাৱিকতে মধ্যবিত্তীয় ৰাইজে LPG গেছৰ মূল্য হ্ৰাস পোৱাৰ বাবে অপেক্ষা কৰিব লগা হৈছে।


মাৰ্চ মাহত ১৪ দিনৰ বাবে বন্ধ থাকে বেংক !

ইফালে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি মাৰ্চ মাহত ১৪ দিনৰ বাবে বেংক বন্ধ থাকিব বুলি জনা গৈছে। যদিও ইয়াৰ ভিতৰত শনিবাৰ আৰু দেওবাৰ অন্তৰ্ভুক্ত। তাৰ লগতে ৰাজ্যভিত্তিক বন্ধৰ দিনো আছে। গতিকে যদি আপুনি আপোনাৰ হাতৰ কাম শেষ কৰিব বিচাৰে তেন্তে আগতে নিৰ্দিষ্ট তাৰিখ আৰু বন্ধৰ দিনবোৰ পৰীক্ষা কৰিব লাগে।


Paytm ৰ নতুন নিয়ম !

জনা যায় যে চলিত মাহৰ ১৫ তাৰিখৰ পিছত Paytm বিভিন্ন নিষেধাজ্ঞাৰ সৈতে আহিব পাৰে। ভাৰতীয় ৰিজাৰ্ভ বেংকে Paytm পেমেণ্টছ বেংকক ২৯ ফেব্ৰুৱাৰীৰ পৰা নতুন গ্ৰাহক অনবৰ্ডিং প্ৰক্ৰিয়া বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। পিছত সেই সময়সীমা ১৫ মাৰ্চলৈ বৃদ্ধি কৰা হয়।


KYC আপডেটৰ শেষ তাৰিখ !

যিসকলৰ ইতিমধ্যে Fastag ইনষ্টল কৰা হৈছে তেওঁলোকে বৃহস্পতিবাৰে KYC কৰাৰ শেষ সুযোগ পাব। অৰ্থাৎ আজিৰ পৰা সেই কাম আৰু কৰিব পৰা নাযায়। ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই ফাষ্টেগৰ বাবে KYC সম্পূৰ্ণ কৰাৰ অন্তিম দিন হিচাপে ২৯ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰিছিল। এই সময়ছোৱাৰ ভিতৰত KYC নকৰাসকলে তেওঁলোকৰ ফাষ্টাগ ব্লেকলিষ্ট বা নিষ্ক্ৰিয় কৰি দিব পাৰে আৰু দুগুণ টোল টেক্স দিব লাগিব।


Also Read




Also Read




Join Us on WhatsApp

অধিক চাকৰিৰ আপডেট, পৰীক্ষাৰ প্ৰস্তুতি, এডমিট কাৰ্ড ডাউনলোড,পৰীক্ষাৰ ফলাফল ইত্যাদিৰ বাবে আমাৰ WhatsApp Channel Follow কৰক



Post a Comment

0 Comments

Ads Horizantal

Article Ads